এজন যুৱক I.A.S ৰ ইন্টাৰভিও দিবলৈ গ'ল....
তেওঁক সোধাহল ভাৰত কেতিয়া স্বাধীন হৈছিল..?
যুৱক : = চেষ্টাতো বহুত আগৰপৰাই আৰম্ভ হৈছিল কিন্তু সফলতা লাভ কৰিছিল ১৯৪৭ চনত।
দ্বিতীয় প্ৰশ্ন := আমাক স্বাধীন কৰোৱাত মুখ্য ভুমিকা কোনে লৈছিল..?
যুৱক: = তাত বহুতৰে সহযোগিতা আছিল, কাৰ নাম ক'ম..? যদি কোনো এজনৰ নাম কওঁ বাকি সকলক অন্যায় কৰা হব।
তৃতীয় প্ৰশ্ন := ভ্ৰষ্টাচাৰ আমাৰ দেশৰ সকলোতকৈ ডাঙৰ সত্ৰু নহয়নে..?
যুৱক := এই বিষয়ে চৰ্চা চলি আছে। শুদ্ধ উত্তৰ তেতিয়াহে দিব পাৰিম যেতিয়া ৰিপৰ্টতো চাবলৈ পোৱা হব।
ইন্টাৰভিউ বৰ্ডে
যুবকজনৰ সুন্দৰ উত্তৰ দিয়াৰ কাৰণে তেওঁক বহুত প্ৰশংসা কৰিলে। আৰু ধন্যবাদ দি যুবক জনক যাবলৈ কলে, কিন্তু এটা সতৰ্কবানী শুনালে, বাহিৰত আশাৰে বহিথকা কাকোৱেই যেন আমি সোধা প্ৰশ্ন কেইটা নকয় কিয়নো একেই প্ৰশ্ন তেওঁলোককো সুধিব লগা হব পাৰে।
• বাহিৰলৈ অহা লগে লগে কি কি প্ৰশ্ন কৰিছিল বাকি পৰীক্ষাৰ্থী সকলে যুবকজনক সুধিলে। কিন্তু যুবকজনে কবলৈ নিবিচাৰিলে।
তেনেকুৱাতে চুকত বহিথকা হিৰকে মাত লগালেঃ
"যদি প্ৰশ্ন কেইটা কবলৈ বেয়া পাইচ উত্তৰ কেইটাকে কৈ যা..?"
যুবক জনে হিৰকক থামতে উত্তৰ কেইটা কৈ দিলে।
"এইবাৰ হিৰকৰ ইন্টাৰভিউৰ পাল"।
ইন্টাৰভিউ বৰ্ডৰ পাপুলৈ চিধা প্ৰশ্ন .....
"আপোনাৰ জন্মৰ সময়..?
হিৰক : = চেষ্টাতো বহুত আগৰপৰাই আৰম্ভ হৈছিল কিন্তু সফলতা লাভ কৰিছিল ১৯৪৭ চনত।
ইন্টাৰভিউ বৰ্ড "কনফিউজ" হৈ গল। আৰু দ্বিতীয়টো প্ৰশ্ন সুধিলে : " আপোনাৰ দেউতাৰ নাম কি...?
হিৰক = তাত বহুতৰে সহযোগিতা আছিল, কাৰ নাম ক'ম..? যদি কোনো এজনৰ নাম কওঁ বাকি সকলক অন্যায় কৰা হব।
বৰ্ডৰ মানুহ কেইজনে থত মত খালে, আৰু কলে " তুমি পাগল হৈছা নেকি...?" .
হিৰক := এই বিষয়ে চৰ্চা চলি আছে। শুদ্ধ উত্তৰ
তেতিয়াহে দিব পাৰিম যেতিয়া ৰিপৰ্টতো চাবলৈ পোৱা হব ।। 🔴🔵