১৷ সাধাৰনতে মানুহে ঠান্ডা জাতীয় বস্তু খালে অৰ্থাৎ বৰফ, ঠান্ডা পানীয় আদি খালে শৰীৰটো ঠান্ডা পৰি যায়৷ আকৌ চাহ, গৰম গাখীৰ আদিকে ধৰি অন্যান্য উত্তপ্ত অৱস্হাত থকা বস্তু খালে শৰীৰটোত গৰম অনুভৱ কৰা যায়৷ কিন্তু কি আচৰিত – কেতিয়াবা মানুহৰ বৰফ আদি ঠান্ডা বস্তু খালে শৰীৰত ঠান্ডা লাগে৷ এতিয়া প্ৰশ্ন হ’ল – এই আচৰিত অনুভুতিটো মানুহৰ কেতিয়া আহে ?
উত্তৰঃ “চিগুৱেটেৰা” (Ciguatera) নামৰ এবিধ ৰোগ হলে৷
২৷ আই কিউ বা ইনটেলিজেন্স কোছেন্ট কি?
উত্তৰঃ আই কিউ মানে হ’ল বুদ্ধ্যাংক, অৰ্থাৎ বুদ্ধিৰ পৰিমান৷ ইয়াৰ গনিতিক সংঞ্জা হ’লঃ-
I.Q. (বুদ্ধাংক) =(মানসিক বয়স)/(স্বাভাৱিক বয়স)×১০০
সাধাৰনতে ৮ বছৰীয়া ল’ৰা বা ছোৱালী এজনীয়ে যদি ১০ বছৰীয়া ল’ৰা বা ছোৱালী এজনীয়ে কৰিব পৰা সমস্যাৰ সমাধান কৰিব পাৰে, তেন্তে সেই ল’ৰা বা ছোৱালী জনীৰ স্বভাৱিক বয়স ৮ বছৰ হলেও মানসিক বয়স ১০ বছৰ ধৰি I.Q. উলিওৱা হয় ৷
No comments:
Post a Comment